–তনয় চক্ৰৱৰ্তী |
ছৌদি আৰবৰ ৰিয়াধৰ পৰা পোৱা বাতৰি অনুসৰি ছৌদি আৰৱত কোনোবাই ভিক্ষা কৰিলে ভিক্ষাৰীক জেললৈ প্ৰেৰণ কৰাৰ লগতে বিশাল অংকৰ জৰিমনাও কৰা হ’ব। এনে এখন আইন গৃহীত হৈছে ছৌদি আৰৱত। ছৌদি আৰৱত এতিয়াৰে পৰা কোনোবাই ভিক্ষা কৰিলে তেওঁক এবছৰ পৰ্যন্ত জেলত ৰখা হ’ব আৰু এক লাখ ছৌদি ৰিয়ালৰ জৰিমনা বিহা হ’ব। সম্প্ৰতি এই আইনখনক অনুমোদন দিছে ছৌদি আৰবৰ মন্ত্ৰী-পৰিষদে। নতুন আইন অনুসৰি ছৌদি আৰৱত কোনোবাই এতিয়াৰে পৰা ভিক্ষা কৰিলে বা ভিক্ষাৰীৰ ব্যৱস্থাপনাৰ সৈতে জড়িত থাকিলে কঠোৰ দন্ডৰ সন্মুখীন হ’ব লাগিব। সেই ক্ষেত্ৰত কোনোবাই কাৰোবাক সহায় কৰিলে, সংগঠিত কৰিলে, উৎসাহিত কৰিলে, ব্যৱস্থাপনা কৰিলে ৬ মাহ পৰ্যন্ত জেল অথবা সৰ্বাধিক ৫০০০০ ৰিয়ালৰ জৰিমনা ভৰিব লাগিব। আনকি উভয় দন্ডৰেও দন্ডিত হ’ব পাৰে সংশ্লিষ্ট ব্যক্তি। ছৌদিৰ নতুন আইনখনত কোৱা হৈছে যে কোনো বিদেশী নাগৰিকে ভিক্ষা কৰিলে শাস্তিভোগ কৰাৰ পিছত তেওঁৰ দেশলৈ ওভোতাই পঠিওৱা হ’ব। এবাৰ পঠিয়াই দিয়াৰ পিছত তেওঁ জীৱনকালত দ্বিতীয়বাৰৰ বাবে কেতিয়াও ছৌদিলৈ আহিব নোৱাৰিব। কিন্তু বিদেশী ভিক্ষাৰীৰ কোনোবাজন যদি ছৌদি নাৰীৰ স্বামী বা সন্তান হয়, তেনে ক্ষেত্ৰত তেওঁক স্বদেশলৈ প্ৰেৰণ কৰা কাৰ্যৰ পৰা সকাহ পাব। ইয়াৰোপৰি ভিক্ষাবৃত্তিৰ অপৰাধত কোনোবাই যদি একাধিকবাৰ গ্ৰেপ্তাৰ হয়, তেওঁৰ শাস্তিও কঠোৰতম হৈ পৰিব। এই আইন কাৰ্যকৰী কৰাৰ দায়িত্ব দিয়া হৈছে ছৌদিৰ গৃহ মন্ত্ৰালয়ক। আইনখনৰ ৪ নং অনুচ্ছেদত কোৱা হৈছে যে গৃহ মন্ত্ৰালয়ক সংশ্লিষ্ট সংস্থাৰ সৈতে সমন্বয় কৰাই ছৌদি ভিক্ষাৰীসকলৰ সামাজিক স্বাস্থ্যগত মনস্তাত্ত্বিক আৰু অৰ্থনৈতিক অৱস্থা পৰ্যালোচনা কৰি সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰয়োজনীয় সাহায্য আগবঢ়োৱা হ’ব। ছৌদি আৰবৰ মানৱসম্পদ আৰু সামাজিক উন্নয়ন মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৮ চনত সেই দেশত ২৭১০ জন ভিক্ষাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ইয়াৰে ২১৪০ গৰাকী আছিল নাৰু, বাকী ৫৭০ জন পুৰুষ!